মায়দিয়া
ডিচেম্বৰ মাহৰ শেষৰফালে অৰুণাচল প্ৰদেশৰ লৱাৰ দিবাং ভেলী জিলাৰ সদৰ ৰয়িঙলৈ গৈছিলোঁ ৷ উদ্দেশ্য আছিল তাপৰা মায়দিয়ালৈ গৈ বৰফ চোৱাৰ ৷ গুৱাহাটীৰপৰা তিনিচুকীয়ালৈ ৰাজধানী এক্সপ্রেছেৰে যাত্রা৷ তিনিচুকীয়াৰ ৰেলৱে ষ্টেচনৰ কাষতে থকা হোটেল এখনত কিছু সময় জিৰণি লবলৈ সোমালোঁ ৷ ১০ মান বজাত তিনিচুকীয়াৰপৰা গাড়ীৰে গৈ ছৈখোৱা ঘাট পালোঁ ৷ দূৰৈৰপৰাই নিৰ্মীয়মান অৱস্থাত থকা ধলা শদিয়া সংযোগী দলংখন দেখিবলৈ পালোঁ ৷ দলংখন সম্পূৰ্ণ হলে অসমৰপৰা অৰুণাচল প্ৰদেশলৈ আহ যাহ সুচল হ’ব ৷ ৯.৫ কি. মি. দৈৰ্ঘ্যৰে এইখনেই হ’ব ভাৰতৰ ভিতৰত আটাইতকৈ দীঘল দলং ৷ ঘাটত সৰু সৰু কেইবাখনো ভাত চাহৰ দোকান দেখিলোঁ ৷ মাছ ভজাৰ গোন্ধত আমাৰ ভোক লাগিবলৈ ধৰিলে ৷ তাৰে এখনত সোমাই সতেজ মাছ ভজাৰে ভাত খাই এক সুকীয়া আমেজ অনুভৱ কৰিলোঁ৷
নদী পাৰ হবৰ বাবে চৰকাৰী ফেৰী সময়ে সময়েহে যায় ৷ আমাৰ সময় নিমিলিল ৷ সেয়ে আমি সম্পূৰ্ণ এখন ফেৰী ভাৰা কৰি তিনিচুকীয়াৰপৰা লৈ যোৱা গাড়ীখন সহিতে ছৈখোৱা ঘাটেৰে নদী পাৰ হৈ শদিয়া ঘাটত ভৰি দিলোঁগৈ ৷ শদিয়ালৈ যাবলৈ থকা বহুদিনীয়া সপোন এটা পূৰণ হ’ল ৷ তাৰপৰা আকৌ গাড়ীৰে যাত্রা ৷ বাটত শান্তিপুৰ নামৰ ঠাইত যাৱতীয় কাগজ পত্র (ইনাৰলাইন পাৰ্মিট) পৰীক্ষা কৰি যাবলৈ অনুমতি দিলে ৷ সন্ধিয়া গৈ সোমাইছিলোঁ ৰয়িঙৰ ইজেংগত থকা মিছিমি হিল কেম্পত ৷ কি যে এক মুকলি আৰু শান্ত পৰিবেশ! বতাহত গছৰ পাতে কৰা শব্দত পৰিবেশটো মায়াময় হৈ উঠিছিল ৷ গৈ পোৱাৰ লগে লগে আমাক এমোকোৰা সৰল হাঁহিৰে আদৰিলে ৰিজৰ্টৰ স্বত্বাধিকাৰী গিবি পুলুৱে (Gibi Pulu) ৷ তেখেতে আমাৰ বাবে চাহৰ ব্যৱস্থা কৰিলে ৷ নিজে জুই ধৰি আমাক আটাইকে কাষত বহুৱাই পোৰা মাংস, পোৰা মাছ আদিৰ ব্যৱস্থা কৰিলে ৷ চিনা পৰিচয় হোৱাৰ লগতে অন্যান্য কথা বতৰাৰ মাজতে ঘৰুৱা ধৰণে ৰন্ধা নিশাৰ ভাতসাজ খাই বৰ ভাল লাগিল ৷ দুই / তিনিটা কিশোৰে ৰিজৰ্টটোৰ ৰন্ধা বঢ়াৰ লগতে চাফ চিকুনকৈ ৰখা কামবোৰ সুন্দৰকৈ চম্ভালি আছে ৷ গিবিয়ে কলে যে ল’ৰাকেইটাই কাম কৰি থকাৰ সমানে পঢ়া শুনাও কৰি আছে ৷ কথাখিনি গমপাই বৰ ভাল লাগিল ৷ ৰয়িঙৰ বিষয়ে আৰু কথা পাতিবলৈ মন থাকিলেও বাটৰ ভাগৰ মাৰিবলৈ সেইনিশা সোনকালে শুবলৈ গলোঁ ৷
পিছদিনা ৰাতিপুৱা চৰাইৰ কিছিৰ মিছিৰ মাতত সাৰ পালোঁ ৷ তেতিয়াহে ভালকৈ চাবলৈ সুযোগ পালোঁ সম্পূৰ্ণ মিছিমি ঘৰৰ আৰ্হিত সজা ৰিজৰ্টৰ কোঠাকেইটা ৷ চাৰিওফালে এক সুন্দৰ পৰিবেশ ৷ স্বভাৱত শান্ত ইদু মিছিমি জনবসতিপূৰ্ণ অঞ্চল ৰয়িং ৷ হাঁহিমুখীয়া গিবিয়ে যেন সেই শান্ত স্বভাৱৰেই প্রতিনিধিত্ব কৰিছে ৷ কিছু আঁতৰত থকা গিবিৰ নিজা ঘৰত নিশা কটাই তেওঁ ৰাতিপুৱাই অতিথি আপ্যায়নৰ বাবে ৰিজৰ্টত আহি পায় ৷ ৰিজৰ্টৰ টিলাটিৰ তলেৰে বৈ যোৱা দেওপানী নৈৰ শব্দ, চাৰিওফালে পাহাৰে আৱৰা ঠাইখনৰ প্রাকৃতিক সৌন্দৰ্য্যই যেন আমাৰ আটাইৰে মন কাঢ়ি নিলে ৷ সোনকালে ৰাতিপুৱাৰ চাহ জলপান খাই মায়দিয়ালৈ বুলি ওলাই গলোঁ ৷
ৰয়িঙৰপৰা ৫৬ কিলোমিটাৰ দূৰত্বত ৭০০০ ফুট উচ্চতাত অৱস্থিত মায়দিয়াৰ প্রাকৃতিক সৌন্দৰ্য্য অতি ধুনীয়া ৷ প্রকৃততে সম্পূৰ্ণ বাটটোৱেই খুব ধুনীয়া ৷ প্রকৃতিৰ এই সৌন্দৰ্য্য যেন ডাঙৰকৈ কথা কলেও বিঘ্নিত হব এনে লাগিছিল ৷ আমাৰ দলটোত থকা শিশুকেইটাইও কথা বন্ধ কৰি বাটৰ দুয়োকাষৰ সৌন্দৰ্য্য উপভোগ কৰি যাবলৈ ধৰিলে ৷ বহুতে কৈছিল, জানুৱাৰী ফেব্রুৱাৰীমাহতহে মায়দিয়াত বৰফ পৰে ৷ আমাৰ মনত অলপ অলপ শংকাও আছিল যে যদি এটুকুৰাও বৰফ নেদেখোঁ অতদূৰ যোৱাৰ কষ্টখিনি দেখোন অথলে যাব ৷ তেনে ধৰণৰ নানা চিন্তা ভাবনা মনত লৈ আগুৱাই গলোঁ ৷ মাজত ছেক’পানী নামৰ দলং এখনত কিছু সময়ৰ বাবে নামিলোঁ ৷ তাৰপৰা আগুৱাই গৈ থাকোঁতে লাহে লাহে বাটৰ দুয়োকাষে দ ঠাইবোৰত অলপ অলপ বৰফ জমা হৈ থকা দেখিবলৈ পালোঁ ৷ আগতে বৰফ দেখাৰ অভিজ্ঞতা নাছিল বাবে মনত সন্দেহ আছিল কি দেখিম বা কিমান বৰফ দেখিম ! কিছুদূৰ যোৱাৰ পাছত দেখিলোঁ গোটেইখন বগা……!! গাড়ীৰপৰা নামি বৰফৰ ওপৰেৰে খোজকাঢ়ি আগুৱাই গলোঁ ৷ সেয়া এক বুজাব নোৱাৰা অনুভূতি ৷ আমাৰ দলটোৰ ইটোৱে সিটোক যেন মাতিবলৈও পাহৰি গ’লোঁ ৷ মাথো আগুৱাই গৈ থাকিলোঁ ৷ কিমান সময় পাৰ কৰিলোঁ কবই নোৱাৰিলোঁ ৷ ‘মায়া’ নামৰ বৰফৰ মাজত হেৰাই যোৱা নেপালী ছোৱালীজনীৰ নামেৰে ঠাইখনৰ নাম ‘মায়দিয়া’ হোৱা বুলি জনশ্রুতি আছে ৷ বৰফৰ মাজত ঘূৰি ফুৰোঁতে কৰবাত মায়াৰ কোনো অৱস্থিতিৰ উমান পাওঁনেকি সেই ভাব মনলৈ আহি আছিল ৷ যিমান দূৰলৈকে পৰা যায় নয়ন ভৰাই চাই ললোঁ ৷ বৰফৰ মাজতেই যেন থাকিম, আটাইৰে তেনে লাগিবলৈ ধৰিল ৷ তথাপি ঘূৰি আহিবতো লাগিবই ৷ এটা সময়ত উভতিবলৈ ললোঁ ৷ তেনেতে হঠাৎ গায়ে মূৰে গুৰি গুৰিকৈ বৰফ পৰা দেখিলোঁ, কিন্তু নিচেই অকণমান সময় ৷
লাহে লাহে খোজকাঢ়ি গাড়ীলৈ ঘূৰি আহি ৰিজৰ্টৰপৰা ফ্লাস্কত লৈ যোৱা গৰম চাহ খালোঁ ৷ মায়দিয়া চাবলৈ বহুদিনৰপৰা সাঁচি থোৱা হেঁপাহ আজি পূৰণ হল ৷ ঘৰৰ ইমান কাষতে বৰফ পৰা ঠাই ! মায়দিয়াৰ ছবি মনত ভৰাই লৈ উভতি আহিলোঁ ৰয়িঙৰ ৰিজৰ্টলৈ ৷ দুপৰীয়াৰ আহাৰ খোৱাৰ পাছত গিবিয়ে লৈ গ’ল ওচৰৰ মিছিমি গাওঁ চাবলৈ ৷ কেইবাঘৰতো সোমালোঁ ৷ স্থানীয় তাঁতশাল চালোঁ, কথা পাতিলোঁ ৷ স্থানীয়ভাৱে চাউলৰপৰা তৈয়াৰ কৰা য়ু ৰ মিঠা সোৱাদো ললোঁ ৷
পইনছেটিয়া
গাৱঁৰ প্রায় প্রতিঘৰৰ বাৰীতে দেখিলোঁ ৰঙাকৈ ফুলি থকা পইনছেটিয়া ফুল ৷ যুক্তৰাষ্ট্রত ১২ ডিচেম্বৰৰ দিনটো ‘ৰাষ্ট্রীয় পইনছেটিয়া দিৱস’ হিচাপে উদযাপন কৰা হয় ৷ সেই সময়ত মেক্সিকোত কৰ্মৰত যুক্তৰাষ্ট্ৰৰ প্রথম ৰাষ্ট্রদূত জুৱেল ৰবাৰ্ট পইনছেটে ১৮২০ চনত প্রথমবাৰৰ বাবে এইবিধ ফুল যুক্তৰাষ্ট্ৰৰ মানুহৰ আগত চিনাকি কৰাই দিছিল ৷ তেখেতৰ নামেৰেই এই ফুলবিধৰ নাম পইনছেটিয়া হয় ৷ ৰয়িঙত আমি পইন্টছেটিয়া ফুল চাই মুগ্ধ হৈ ঘূৰি ফুৰাৰ দিনটো আছিল ২৫ ডিচেম্বৰ, বৰদিন ৷ বৰদিনৰ সময়ত যুক্তৰাষ্ট্রত ঘৰ সজোৱাৰ বাবে পইন্টছেটিয়াৰ বহুল ব্যৱহাৰ কৰা হয় ৷ ১৮২৮ চনৰ ১২ ডিচেম্বৰত জুৱেল ৰবাৰ্ট পইন্টছেটৰ মৃত্যু হয় ৷ সেই দিনটোৰ লগতেই সংগতি ৰাখি ১২ ডিচেম্বৰৰ দিনটো ‘ৰাষ্ট্রীয় পইন্টছেটিয়া দিৱস’ হিচাপে পালন কৰা হয় ৷ (পইন্টছেটিয়া ফুল বিষয়ক তথ্যখিনি ইন্টাৰনেটৰপৰা লোৱা হৈছে)
ৰয়িঙত ঘৰে ঘৰে ৰমক জমককৈ ফুলি থকা পইন্টছেটিয়াবোৰ দেখি পইন্টছেটিয়াৰ সৈতে জৰিত গোটেই কথাখিনি মনত পৰি গ’ল ৷
ঘূৰি আহোঁতে বাটত ৰয়িং বজাৰতো সোমালোঁ ৷ স্থানীয় মানুহৰ বাবে প্রয়োজনীয় প্রায় সকলোবোৰ সামগ্রী এই বজাৰখনতেই পোৱা যায় ৷ গিবিয়ে জনালে যে প্রস্তাবিত হাইৱেটো হলে বজাৰখনৰ গুৰুত্ব আৰু বৃদ্ধি পাব ৷
সন্ধিয়া ৰিজৰ্টলৈ আহি গিবিয়ে ব্যৱস্থা কৰা জুইৰ উত্তাপত বহি জুইত সেকা মুৰ্গী মাংস খাই খাই নানা কথা পাতিলোঁ ৷ ৰয়িঙত সেইদিনা আছিল আমাৰ শেষ নিশা ৷ সময় সুবিধা মিলাই আকৌ কেতিয়াবা যোৱাৰ আশা হৃদয়ত ৰাখি পিছদিনা পুৱাই ৰয়িঙৰপৰা বিদায় ললোঁ ৷
ছেংছুৱেৰী ছং ৰিজৰ্ট
ছেংছুৱেৰী ছং ৰিজৰ্ট
গুৱাহাটীৰপৰা ৭৩ কিলোমিটাৰ দূৰত্বত আৰু মেঘালয়ৰ নংপোৰপৰা ২৫.৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত ছেংছুৱেৰী ছং ৰিজৰ্ট ৷ মেঘালয়ৰ ৰি-ভয় জিলাৰ উমস্নিং খণ্ডৰ আৰটিয়াং নামৰ শান্ত গাঁওখনত প্রকৃতিৰ মাজত এই ৰিজৰ্টখন ৷ গ্রাম্য পৰ্যটনৰ এজন উদ্যোগী মেঘালয়ৰ দীপক লালুৱে এই ৰিজৰ্ট্ খন বহু চিন্তা চ্ৰৰ্চা কৰি গঢ় দি তুলিছে ৷
২০১৯ চনৰ জুন মাহৰ এটা শণিবাৰে ৰাতিপুৱা আমি বাই ভনী দুজনী আৰু মোৰ ছোৱালীজনীৰে সৈতে তিনিওজনী চহৰীয়া ব্যস্ততাৰপৰা কিছু আঁতৰি প্রকৃতিৰ মাজত কিছু সময় কটাই অহাৰ উদ্দেশ্যেৰে ৰিজৰ্টখনলৈ বুলি ওলাই গলোঁ ৷
নংপোত চাহ একোকাপকৈ খাই লৈ আগবাঢ়িলোঁ ৷ নংপো পাৰ হৈ ৬ নং ৰাষ্ট্রীয় ঘাইপথৰপৰা বাঁওপিনে সোমাই কিছুদূৰ গৈ পুনৰ বাঁওপিনে গাঁৱৰ মাজেৰে গৈ থকাৰ পাছত সোঁপিনে ৰাস্তাৰপৰা তললৈ নামি যাব লাগে ৷ কিছুদূৰ গাড়ীৰে যোৱাৰ পাছত মৰং নামৰ এখন নৈ পোৱা যায় ৷ আমি যোৱা গাড়ীখন নৈৰ পানীৰ ওপৰেৰে যাব নোৱাৰিব বাবে ৰিজৰ্টৰপৰা এখন বলেৰ’ পিক আপ ভান আহি ৰৈ আছিল ৷ এৰাতি থকাৰ বাবে লগত লৈ যোৱা কাপোৰ কানিৰ বেগকেইটা আগৰ ছিটত দি আমি তিনিওজনী ভানখনৰ পিছপিনে থিয় হৈ ললোঁ ৷ আমি লৈ যোৱা গাড়ীখন তাৰপৰাই বিদায় দিলোঁ ৷ নৈৰ পানীৰ ওপৰেৰে এনেদৰ খোলা গাড়ীত থিয় হৈ গৈ চাফাৰীত যোৱাৰ দৰে সুন্দৰ অনুভূতি লাভ কৰিলোঁ ৷ সেই সময়তে বাইক আৰোহী কেইবাজনো যুৱকক বাইকেৰে নৈখন পাৰ হৈ যোৱা দেখিলোঁ ৷ আমি যোৱা পিক আপ ভানৰ চালক কৃষ্ণ ছেত্রীয়ে জনালে যে ওখ গাড়ী আৰু বাইকবোৰে নৈ পাৰ হ’ব পাৰে ৷ সৰু গাড়ীৰে যোৱাসকলে আগতীয়া যোগাযোগ কৰিলে এই পিক আপ ভানখনেৰেই তেঁওলোকে পাৰ কৰাই দিয়ে ৷ তেনেদৰে কিছুদূৰ যোৱাৰ পাছতে ৰিজৰ্টখনৰ অভ্যৰ্থনা কোঠা আৰু তাৰ সংলগ্ন ডাইনিং হলটিত উপস্থিত হ’লোগৈ ৷ মৰম লগা দুজনী খাছী ছোৱালীয়ে নাম পঞ্জীয়নৰ যাৱতীয় কামকাজখিনি সম্পন্ন কৰি আমাৰ কোঠাটো দেখুৱাই দিলেগৈ ৷ দুটা দুটা কোঠাৰে তিনিটা একে ধৰণৰ কটেজ ৷ প্রতিটোতে এখন কুইন চাইজ আৰু এখন ছিংগল বিচনাৰ লগতে চ’ফাচেট, মেজ আৰু আলমাৰীৰ ব্যৱস্থা ৷ পৰিষ্কাৰ পৰিচ্ছন্ন কোঠাৰ লগত সংলগ্ন আধুনিক ব্যৱস্থাযুক্ত গা ধোৱা ঘৰ ৷ কোঠাৰ পিছপিনে দীঘলীয়া বেলকনি ৷ তাত বান্ধি থোৱা আছে এখন হেম’ক আৰু এখন ফল্ডিং চেয়াৰ ৷ য’ৰপৰা উপভোগ কৰিব পাৰি গছ বনেৰে ভৰা পাতলীয়া হাবি ৷
আমাৰ কটেজটোৰ নাম আছিল ষ্ট্রবেৰী ৷ গ পা ধুই যাত্রাৰ ভাগৰ মাৰি আমি দুপৰীয়াৰ আহাৰ খাবলৈ ডাইনিং হললৈ গ’লোঁ ৷ খোৱাৰ পাছত ইফালে সিফালে ঘূৰা পকা কৰি কটেজৰ বেলকনিতে বহি বিভিন্ন পখী তথা জিলিৰ সমস্বৰ কণ্ঠৰ সংগীত শুনি শুনি ভাব সাগৰত বুৰ গলোঁ৷ সন্ধিয়া চাহ খাবলৈ ওলাওতে গমপালোঁ ইতিমধ্যে আন দুটা কটেজলৈকো মানুহ আহিল ৷ সন্ধিয়া জলি উঠা লাইটবোৰে পৰিবেশটো ৰোমান্টিক কৰি তুলিলে ৷ বাহিৰতে ঘূৰি ফুৰি সময় কটালোঁ ৷ নথকা বাবে কটেজৰ পিছপিনৰ বেলকনিত বহি আন্ধাৰখিনি উপভোগ কৰিও ভাল লাগিল ৷ নিশাৰ আহাৰ খাই উঠি তিনিওজনী বহু সময় তাতেই বহি থাকিলোঁ ৷ মবাইল ফোনকেইটাৰ নেটৱৰ্ক নথকা বাবে ঠাইখনৰ সৌন্দৰ্য পূৰ্ণোদ্যমে উপভোগ কৰাত কোনো ধৰণৰ কথাই আমনি দিব পৰা নাছিল ৷
পিছদিনা পুৱা চৰাইৰ কল কাকলিত বহুত সোনকালেই সাৰপাই বাহিৰত কিছুপৰ খোজকাঢ়িলোঁ ৷ তৰপিছত একোকাপকৈ চাহ খালোঁ ৷ গা পা ধুই উঠি পুৰী তৰকাৰী আদিৰে ব্রেকফাষ্ট কৰাৰ পাছত দীপক লালুৰ নিৰ্দেশ অনুযায়ী ছেত্ৰীয়ে পিক আপ ভানখনেৰেই ৫০ একৰ যোৰা ৰিজৰ্টটোৰ চাৰিওপিনে দেখুৱাবলৈ আমাক লৈ গ’ল ৷ ষ্ট্রবেৰীৰ খেতি চালোঁ ৷ ৰিজৰ্টত উৎপাদিত ষ্ট্রবেৰীৰে ষ্ট্রবেৰী ৱাইন তৈয়াৰ কৰা হয় ৷ কিছু ওপৰত আছে “আৰ. ই. ৰাছেল লজ’ ৷ নিশ্চয় আৰ. ই. ৰাছেল, বিখ্যাত পেইন্টাৰজনৰ নামেৰেই লজটোৰ নাম দিছে ৷ এইটো এটা বাংল’ ৷ আধুনিক সা সুবিধাযুক্ত দুটা কোঠাৰ লগত এটা পাকঘৰো আছে ৷ ইচ্ছা কৰিলে নিজে ৰন্ধা বঢ়া কৰি খাব পৰা যায় ৷ পৰিয়াল অথবা বন্ধুৰ অলপ ডাঙৰ গ্রুপ থাকিবৰ বাবে উপযুক্ত ৷ তাৰপৰা চাবলৈ গ’লোঁ আন এটা কটেজ, যিটোৰ নাম “আনউইন্দ কটেজ” ৷ ইয়াতো আছে বৃহৎ বৃহৎ দুটা কোঠা ৷ ৰিজৰ্টখনত আছে কেম্পিঙৰ সুবিধা ৷ মৰম লগা ট্রি হাউচতো উঠি কিছু সময় কটালোঁ ৷ তাৰ উপৰিও আছে বিভিন্ন খেল ধেমালিৰ বাবে সুবিধা ৷ জিপ লাইনিং, পেইন্ট বল, বাস্কেট বল, মাউণ্টেইন বাইকিং ইত্যদি ৷ শিশুবোৰেও ৰিজৰ্টখনত আনন্দ পাব ৷ বহুতো কুকুৰ পোহা মানুহে কুকুৰটিক ঘৰত অকলে থৈ যাব নোৱাৰাৰ বাবে অসুবিধাত পৰা দেখা যায় ৷ তেওঁলোকে চিন্তা কৰিব নালাগে, কাৰণ তালৈ পোহনীয়া জন্তু লৈ যাব পৰাৰ সুবিধাও দিয়া হয় ৷ কিন্তু এই সকলোবোৰৰ বাবে শীতকালৰ দিনকেইটা বেছি উপযুক্ত ৷ সেই সময়ত মৰং নৈখনৰ পানী কিছু কমি থাকে ৷ ৰিজৰ্টৰ ঘাঁহ বনবোৰ শুকাই যায় বাবে মুকলি ঠাই বেছিকে পোৱা যায় ৷ তদুপৰি বাৰিষা পোক পৰুৱা মহ ডাহবোৰৰ পৰা কিছু আমনি পোৱা যায় ৷
গোটেই ৰিজৰ্টটো ঘূৰি পকি চাই নিজৰ কটেজটোলৈ অহাৰ লগে লগে আমাক যাঁচিলেহি নেমু চৰ্বত, আমাৰ বাবে সেই সময়ত নেমু চৰ্বত কেইগিলাছ খুব প্রয়োজনীয় আছিল যেন বোধ হ’ল ৷ ৰিজৰ্টৰ স্বত্বাধিকাৰী দীপক লালু মোৰ ভন্টিৰ চিনাকী হোৱাৰ সুবাদতে ৰিজৰ্টখনত কটোৱা সময় ছোৱাত আমি অৱশ্যে বিশেষ আতিথ্য লাভ কৰিছিলোঁ ৷ সম্পূৰ্ণ হাবিতলীয়া প্রকৃতিৰ মাজত অত্যাধুনিক সা সুবিধাৰে দুটা দিন আনন্দেৰে কটায় আহি বৰ ভাল লাগিল ৷ গুৱাহাটীৰপৰা ওচৰতে বাবে দিনটোৰ বাবেও গৈ আহিব পাৰি ৷ কিন্তু ছেংছুৱেৰীৰ মাজত নিশাটো কটোৱাৰ আমেজ সুকীয়া ৷৷
পইনছেটিয়া
পইনছেটিয়া
আকৌ আহিল ডিচেম্বৰ, ৰঙা হৈ ফুলিল পইনছেটিয়া……….
বৰদিনৰ সৈতে পইনছেটিয়াৰ গভীৰ সম্পৰ্ক ৷ ১৬ শতিকাৰপৰা মেক্সিকোত বৰদিনৰ সৈতে পইনছেটিয়াৰ সম্পৰ্ক স্থাপিত হয় ৷ কথিত আছে যে মেক্সিকোত মাৰিয়া নামৰ এজনী খুব দুখীয়া ছোৱালীয়ে এবাৰ বৰদিনত যীশুক জন্মদিনৰ উপহাৰ স্বৰূপে দিবলৈ হাতত একোয়েই নথকা বাবে এজোপা বনৰীয়া ফুল গছকে আনি গীৰ্জাৰ বেদীত থৈ দিলে ৷ তাৰপৰাই সুন্দৰ জকমকীয়াকৈ ফুলি উঠিল পইনছেটিয়া ফুল ৷ হয়তো এই কাহিনীৰ আচিলাৰেই ১৭ শতিকাৰপৰা মেক্সিকোত বৰদিনত পইনছেটিয়াৰ ব্যৱহাৰ পৰম্পৰা স্বৰূপ হৈ পৰিল ৷ বৰ্তমান পইনছেটিয়াৰ ১০০ বিধতকৈও বেছি প্রজাতি আছে ৷ প্রথমতে থকা কেৱল ৰঙা ৰঙৰ ওপৰি গুলপীয়া, বগা, হালধীয়া, বহুৰঙী ইত্যাদি ৷
যুক্তৰাষ্ট্রত ১২ ডিচেম্বৰৰ দিনটো ‘ৰাষ্ট্রীয় পইনছেটিয়া দিৱস’ হিচাপে উদযাপন কৰা হয় ৷ মেক্সিকোত কৰ্মৰত যুক্তৰাষ্ট্ৰৰ প্রথম ৰাষ্ট্রদূত জুৱেল ৰবাৰ্ট পইনছেটে ১৮২৫ চনত প্রথমবাৰৰ বাবে এইবিধ ফুল যুক্তৰাষ্ট্ৰৰ মানুহৰ আগত চিনাকি কৰাই দিছিল ৷ তেখেতৰ নামেৰেই এই ফুলবিধৰ নাম পইনছেটিয়া হয় বুলি কোৱা হয় ৷ বৰদিনৰ সময়ত যুক্তৰাষ্ট্রতো পইনছেটিয়াৰ বহুল ব্যৱহাৰ কৰা হয় ৷ ১৮৫১ চনৰ ১২ ডিচেম্বৰত জুৱেল ৰবাৰ্ট পইনছেটৰ মৃত্যু হয় ৷ সেই দিনটোৰ লগতেই সংগতি ৰাখি ১২ ডিচেম্বৰৰ দিনটো ‘ৰাষ্ট্রীয় পইনছেটিয়া দিৱস’ হিচাপে পালন কৰা হয় ৷
Introduce Yourself (Example Post)
This is an example post, originally published as part of Blogging University. Enroll in one of our ten programs, and start your blog right.
You’re going to publish a post today. Don’t worry about how your blog looks. Don’t worry if you haven’t given it a name yet, or you’re feeling overwhelmed. Just click the “New Post” button, and tell us why you’re here.
Why do this?
- Because it gives new readers context. What are you about? Why should they read your blog?
- Because it will help you focus you own ideas about your blog and what you’d like to do with it.
The post can be short or long, a personal intro to your life or a bloggy mission statement, a manifesto for the future or a simple outline of your the types of things you hope to publish.
To help you get started, here are a few questions:
- Why are you blogging publicly, rather than keeping a personal journal?
- What topics do you think you’ll write about?
- Who would you love to connect with via your blog?
- If you blog successfully throughout the next year, what would you hope to have accomplished?
You’re not locked into any of this; one of the wonderful things about blogs is how they constantly evolve as we learn, grow, and interact with one another — but it’s good to know where and why you started, and articulating your goals may just give you a few other post ideas.
Can’t think how to get started? Just write the first thing that pops into your head. Anne Lamott, author of a book on writing we love, says that you need to give yourself permission to write a “crappy first draft”. Anne makes a great point — just start writing, and worry about editing it later.
When you’re ready to publish, give your post three to five tags that describe your blog’s focus — writing, photography, fiction, parenting, food, cars, movies, sports, whatever. These tags will help others who care about your topics find you in the Reader. Make sure one of the tags is “zerotohero,” so other new bloggers can find you, too.