মায়দিয়া

ডিচেম্বৰ মাহৰ শেষৰফালে অৰুণাচল প্ৰদেশৰ লৱাৰ দিবাং ভেলী জিলাৰ সদৰ ৰয়িঙলৈ গৈছিলোঁ ৷ উদ্দেশ্য আছিল তাপৰা মায়দিয়ালৈ গৈ বৰফ চোৱাৰ ৷ গুৱাহাটীৰপৰা তিনিচুকীয়ালৈ ৰাজধানী এক্সপ্রেছেৰে যাত্রা৷ তিনিচুকীয়াৰ ৰেলৱে ষ্টেচনৰ কাষতে থকা হোটেল এখনত কিছু সময় জিৰণি লবলৈ সোমালোঁ ৷ ১০ মান বজাত তিনিচুকীয়াৰপৰা গাড়ীৰে গৈ ছৈখোৱা ঘাট পালোঁ ৷ দূৰৈৰপৰাই নিৰ্মীয়মান অৱস্থাত থকা ধলা শদিয়া সংযোগী দলংখন দেখিবলৈ পালোঁ ৷ দলংখন সম্পূৰ্ণ হলে অসমৰপৰা অৰুণাচল প্ৰদেশলৈ আহ যাহ সুচল হ’ব ৷ ৯.৫ কি. মি. দৈৰ্ঘ্যৰে এইখনেই হ’ব ভাৰতৰ ভিতৰত আটাইতকৈ দীঘল দলং ৷ ঘাটত সৰু সৰু কেইবাখনো ভাত চাহৰ দোকান দেখিলোঁ ৷ মাছ ভজাৰ গোন্ধত আমাৰ ভোক লাগিবলৈ ধৰিলে ৷ তাৰে এখনত সোমাই সতেজ মাছ ভজাৰে ভাত খাই এক সুকীয়া আমেজ অনুভৱ কৰিলোঁ৷

নদী পাৰ হবৰ বাবে চৰকাৰী ফেৰী সময়ে সময়েহে যায় ৷ আমাৰ সময় নিমিলিল ৷ সেয়ে আমি সম্পূৰ্ণ এখন ফেৰী ভাৰা কৰি তিনিচুকীয়াৰপৰা লৈ যোৱা গাড়ীখন সহিতে ছৈখোৱা ঘাটেৰে নদী পাৰ হৈ শদিয়া ঘাটত ভৰি দিলোঁগৈ ৷ শদিয়ালৈ যাবলৈ থকা বহুদিনীয়া সপোন এটা পূৰণ হ’ল ৷ তাৰপৰা আকৌ গাড়ীৰে যাত্রা ৷ বাটত শান্তিপুৰ নামৰ ঠাইত যাৱতীয় কাগজ পত্র (ইনাৰলাইন পাৰ্মিট) পৰীক্ষা কৰি যাবলৈ অনুমতি দিলে ৷ সন্ধিয়া গৈ সোমাইছিলোঁ ৰয়িঙৰ ইজেংগত থকা মিছিমি হিল কেম্পত ৷ কি যে এক মুকলি আৰু শান্ত পৰিবেশ! বতাহত গছৰ পাতে কৰা শব্দত পৰিবেশটো মায়াময় হৈ উঠিছিল ৷ গৈ পোৱাৰ লগে লগে আমাক এমোকোৰা সৰল হাঁহিৰে আদৰিলে ৰিজৰ্টৰ স্বত্বাধিকাৰী গিবি পুলুৱে (Gibi Pulu) ৷ তেখেতে আমাৰ বাবে চাহৰ ব্যৱস্থা কৰিলে ৷ নিজে জুই ধৰি আমাক আটাইকে কাষত বহুৱাই পোৰা মাংস, পোৰা মাছ আদিৰ ব্যৱস্থা কৰিলে ৷ চিনা পৰিচয় হোৱাৰ লগতে অন্যান্য কথা বতৰাৰ মাজতে ঘৰুৱা ধৰণে ৰন্ধা নিশাৰ ভাতসাজ খাই বৰ ভাল লাগিল ৷ দুই / তিনিটা কিশোৰে ৰিজৰ্টটোৰ ৰন্ধা বঢ়াৰ লগতে চাফ চিকুনকৈ ৰখা কামবোৰ সুন্দৰকৈ চম্ভালি আছে ৷ গিবিয়ে কলে যে ল’ৰাকেইটাই কাম কৰি থকাৰ সমানে পঢ়া শুনাও কৰি আছে ৷ কথাখিনি গমপাই বৰ ভাল লাগিল ৷ ৰয়িঙৰ বিষয়ে আৰু কথা পাতিবলৈ মন থাকিলেও বাটৰ ভাগৰ মাৰিবলৈ সেইনিশা সোনকালে শুবলৈ গলোঁ ৷

 পিছদিনা ৰাতিপুৱা চৰাইৰ কিছিৰ মিছিৰ মাতত সাৰ পালোঁ ৷ তেতিয়াহে ভালকৈ চাবলৈ সুযোগ পালোঁ সম্পূৰ্ণ মিছিমি ঘৰৰ আৰ্হিত সজা ৰিজৰ্টৰ কোঠাকেইটা ৷ চাৰিওফালে এক সুন্দৰ পৰিবেশ ৷ স্বভাৱত শান্ত ইদু মিছিমি জনবসতিপূৰ্ণ অঞ্চল ৰয়িং ৷ হাঁহিমুখীয়া গিবিয়ে যেন সেই শান্ত স্বভাৱৰেই প্রতিনিধিত্ব কৰিছে ৷ কিছু আঁতৰত থকা গিবিৰ নিজা ঘৰত নিশা কটাই তেওঁ ৰাতিপুৱাই অতিথি আপ্যায়নৰ বাবে ৰিজৰ্টত আহি পায় ৷ ৰিজৰ্টৰ টিলাটিৰ তলেৰে বৈ যোৱা দেওপানী নৈৰ শব্দ, চাৰিওফালে পাহাৰে আৱৰা ঠাইখনৰ প্রাকৃতিক সৌন্দৰ্য্যই যেন আমাৰ আটাইৰে মন কাঢ়ি নিলে ৷ সোনকালে ৰাতিপুৱাৰ চাহ জলপান খাই মায়দিয়ালৈ বুলি ওলাই গলোঁ ৷

ৰয়িঙৰপৰা ৫৬ কিলোমিটাৰ দূৰত্বত ৭০০০ ফুট উচ্চতাত অৱস্থিত মায়দিয়াৰ প্রাকৃতিক সৌন্দৰ্য্য অতি ধুনীয়া ৷ প্রকৃততে সম্পূৰ্ণ বাটটোৱেই খুব ধুনীয়া ৷ প্রকৃতিৰ এই সৌন্দৰ্য্য যেন ডাঙৰকৈ কথা কলেও বিঘ্নিত হব এনে লাগিছিল ৷ আমাৰ দলটোত থকা শিশুকেইটাইও কথা বন্ধ কৰি বাটৰ দুয়োকাষৰ সৌন্দৰ্য্য উপভোগ কৰি যাবলৈ ধৰিলে ৷ বহুতে কৈছিল, জানুৱাৰী ফেব্রুৱাৰীমাহতহে মায়দিয়াত বৰফ পৰে ৷ আমাৰ মনত অলপ অলপ শংকাও আছিল যে যদি এটুকুৰাও বৰফ নেদেখোঁ অতদূৰ যোৱাৰ কষ্টখিনি দেখোন অথলে যাব ৷ তেনে ধৰণৰ নানা চিন্তা ভাবনা মনত লৈ আগুৱাই গলোঁ ৷ মাজত ছেক’পানী নামৰ দলং এখনত কিছু সময়ৰ বাবে নামিলোঁ ৷ তাৰপৰা আগুৱাই গৈ থাকোঁতে লাহে লাহে বাটৰ দুয়োকাষে দ ঠাইবোৰত অলপ অলপ বৰফ জমা হৈ থকা দেখিবলৈ পালোঁ ৷ আগতে বৰফ দেখাৰ অভিজ্ঞতা নাছিল বাবে মনত সন্দেহ আছিল কি দেখিম বা কিমান বৰফ দেখিম ! কিছুদূৰ যোৱাৰ পাছত দেখিলোঁ গোটেইখন বগা……!! গাড়ীৰপৰা নামি বৰফৰ ওপৰেৰে খোজকাঢ়ি আগুৱাই গলোঁ ৷ সেয়া এক বুজাব নোৱাৰা অনুভূতি ৷ আমাৰ দলটোৰ ইটোৱে সিটোক যেন মাতিবলৈও পাহৰি গ’লোঁ ৷ মাথো আগুৱাই গৈ থাকিলোঁ ৷ কিমান সময় পাৰ কৰিলোঁ কবই নোৱাৰিলোঁ ৷ ‘মায়া’ নামৰ বৰফৰ মাজত হেৰাই যোৱা নেপালী ছোৱালীজনীৰ নামেৰে ঠাইখনৰ নাম ‘মায়দিয়া’ হোৱা বুলি জনশ্রুতি আছে ৷ বৰফৰ মাজত ঘূৰি ফুৰোঁতে কৰবাত মায়াৰ কোনো অৱস্থিতিৰ উমান পাওঁনেকি সেই ভাব মনলৈ আহি আছিল ৷ যিমান দূৰলৈকে পৰা যায় নয়ন ভৰাই চাই ললোঁ ৷  বৰফৰ মাজতেই যেন থাকিম, আটাইৰে তেনে লাগিবলৈ ধৰিল ৷ তথাপি ঘূৰি আহিবতো লাগিবই ৷ এটা সময়ত উভতিবলৈ ললোঁ ৷ তেনেতে হঠাৎ গায়ে মূৰে গুৰি গুৰিকৈ বৰফ পৰা দেখিলোঁ, কিন্তু নিচেই অকণমান সময় ৷

লাহে লাহে খোজকাঢ়ি গাড়ীলৈ ঘূৰি আহি ৰিজৰ্টৰপৰা ফ্লাস্কত লৈ যোৱা গৰম চাহ খালোঁ ৷ মায়দিয়া চাবলৈ বহুদিনৰপৰা সাঁচি থোৱা হেঁপাহ আজি পূৰণ হল ৷ ঘৰৰ ইমান কাষতে বৰফ পৰা ঠাই ! মায়দিয়াৰ ছবি মনত ভৰাই লৈ উভতি আহিলোঁ ৰয়িঙৰ ৰিজৰ্টলৈ ৷ দুপৰীয়াৰ আহাৰ খোৱাৰ পাছত গিবিয়ে লৈ গ’ল ওচৰৰ মিছিমি গাওঁ চাবলৈ ৷ কেইবাঘৰতো সোমালোঁ ৷ স্থানীয় তাঁতশাল চালোঁ, কথা পাতিলোঁ ৷ স্থানীয়ভাৱে চাউলৰপৰা তৈয়াৰ কৰা য়ু ৰ মিঠা সোৱাদো ললোঁ ৷

পইনছেটিয়া

গাৱঁৰ প্রায় প্রতিঘৰৰ বাৰীতে দেখিলোঁ ৰঙাকৈ ফুলি থকা পইনছেটিয়া ফুল ৷ যুক্তৰাষ্ট্রত ১২ ডিচেম্বৰৰ দিনটো ‘ৰাষ্ট্রীয় পইনছেটিয়া দিৱস’ হিচাপে উদযাপন কৰা হয় ৷ সেই সময়ত মেক্সিকোত কৰ্মৰত  যুক্তৰাষ্ট্ৰৰ প্রথম ৰাষ্ট্রদূত জুৱেল ৰবাৰ্ট পইনছেটে ১৮২০ চনত প্রথমবাৰৰ বাবে এইবিধ ফুল যুক্তৰাষ্ট্ৰৰ মানুহৰ আগত চিনাকি কৰাই দিছিল ৷ তেখেতৰ নামেৰেই এই ফুলবিধৰ নাম পইনছেটিয়া হয় ৷ ৰয়িঙত আমি পইন্টছেটিয়া ফুল চাই মুগ্ধ হৈ ঘূৰি ফুৰাৰ দিনটো আছিল ২৫ ডিচেম্বৰ, বৰদিন ৷ বৰদিনৰ সময়ত যুক্তৰাষ্ট্রত ঘৰ সজোৱাৰ বাবে পইন্টছেটিয়াৰ বহুল ব্যৱহাৰ কৰা হয় ৷ ১৮২৮ চনৰ ১২ ডিচেম্বৰত জুৱেল ৰবাৰ্ট পইন্টছেটৰ মৃত্যু হয় ৷ সেই দিনটোৰ লগতেই সংগতি ৰাখি ১২ ডিচেম্বৰৰ দিনটো ‘ৰাষ্ট্রীয় পইন্টছেটিয়া দিৱস’ হিচাপে পালন কৰা হয় ৷ (পইন্টছেটিয়া ফুল বিষয়ক তথ্যখিনি ইন্টাৰনেটৰপৰা লোৱা হৈছে)

ৰয়িঙত ঘৰে ঘৰে ৰমক জমককৈ ফুলি থকা পইন্টছেটিয়াবোৰ দেখি পইন্টছেটিয়াৰ সৈতে জৰিত গোটেই কথাখিনি মনত পৰি গ’ল ৷

ঘূৰি আহোঁতে বাটত ৰয়িং বজাৰতো সোমালোঁ ৷ স্থানীয় মানুহৰ বাবে প্রয়োজনীয় প্রায় সকলোবোৰ সামগ্রী এই বজাৰখনতেই পোৱা যায় ৷ গিবিয়ে জনালে যে প্রস্তাবিত হাইৱেটো হলে বজাৰখনৰ গুৰুত্ব আৰু বৃদ্ধি পাব ৷

সন্ধিয়া ৰিজৰ্টলৈ আহি গিবিয়ে ব্যৱস্থা কৰা জুইৰ উত্তাপত বহি জুইত সেকা মুৰ্গী মাংস খাই খাই নানা কথা পাতিলোঁ ৷ ৰয়িঙত সেইদিনা আছিল আমাৰ শেষ নিশা ৷ সময় সুবিধা মিলাই আকৌ কেতিয়াবা যোৱাৰ আশা হৃদয়ত ৰাখি পিছদিনা পুৱাই ৰয়িঙৰপৰা বিদায় ললোঁ ৷

Leave a comment

Design a site like this with WordPress.com
Get started