ছেংছুৱেৰী ছং ৰিজৰ্ট

ছেংছুৱেৰী ছং ৰিজৰ্ট

গুৱাহাটীৰপৰা ৭৩ কিলোমিটাৰ দূৰত্বত আৰু মেঘালয়ৰ নংপোৰপৰা ২৫.৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত ছেংছুৱেৰী ছং ৰিজৰ্ট ৷ মেঘালয়ৰ ৰি-ভয় জিলাৰ উমস্নিং খণ্ডৰ আৰটিয়াং নামৰ শান্ত গাঁওখনত প্রকৃতিৰ মাজত এই ৰিজৰ্টখন ৷  গ্রাম্য পৰ্যটনৰ  এজন উদ্যোগী মেঘালয়ৰ দীপক লালুৱে এই ৰিজৰ্ট্ খন বহু চিন্তা চ্ৰৰ্চা কৰি গঢ় দি তুলিছে ৷

২০১৯ চনৰ জুন মাহৰ এটা শণিবাৰে ৰাতিপুৱা আমি বাই ভনী দুজনী আৰু মোৰ ছোৱালীজনীৰে সৈতে তিনিওজনী চহৰীয়া ব্যস্ততাৰপৰা কিছু আঁতৰি প্রকৃতিৰ মাজত কিছু সময় কটাই অহাৰ উদ্দেশ্যেৰে ৰিজৰ্টখনলৈ বুলি ওলাই গলোঁ ৷ 

নংপোত চাহ একোকাপকৈ খাই লৈ আগবাঢ়িলোঁ ৷ নংপো  পাৰ হৈ ৬ নং ৰাষ্ট্রীয় ঘাইপথৰপৰা বাঁওপিনে সোমাই কিছুদূৰ গৈ পুনৰ বাঁওপিনে গাঁৱৰ মাজেৰে গৈ থকাৰ পাছত সোঁপিনে ৰাস্তাৰপৰা তললৈ নামি যাব লাগে ৷ কিছুদূৰ গাড়ীৰে যোৱাৰ পাছত মৰং নামৰ এখন নৈ পোৱা যায় ৷ আমি যোৱা গাড়ীখন নৈৰ পানীৰ ওপৰেৰে যাব নোৱাৰিব বাবে ৰিজৰ্টৰপৰা এখন বলেৰ’ পিক আপ ভান আহি ৰৈ আছিল ৷ এৰাতি থকাৰ বাবে  লগত লৈ যোৱা কাপোৰ কানিৰ বেগকেইটা আগৰ ছিটত দি আমি তিনিওজনী ভানখনৰ পিছপিনে থিয় হৈ ললোঁ ৷ আমি লৈ যোৱা গাড়ীখন তাৰপৰাই বিদায় দিলোঁ ৷ নৈৰ পানীৰ ওপৰেৰে এনেদৰ খোলা গাড়ীত থিয় হৈ গৈ চাফাৰীত যোৱাৰ দৰে সুন্দৰ অনুভূতি লাভ কৰিলোঁ ৷ সেই সময়তে বাইক আৰোহী কেইবাজনো যুৱকক বাইকেৰে নৈখন পাৰ হৈ যোৱা দেখিলোঁ ৷ আমি যোৱা পিক আপ ভানৰ চালক কৃষ্ণ ছেত্রীয়ে জনালে যে ওখ গাড়ী আৰু বাইকবোৰে নৈ পাৰ হ’ব পাৰে ৷ সৰু গাড়ীৰে যোৱাসকলে আগতীয়া যোগাযোগ কৰিলে এই পিক আপ ভানখনেৰেই তেঁওলোকে পাৰ কৰাই দিয়ে ৷ তেনেদৰে কিছুদূৰ যোৱাৰ পাছতে ৰিজৰ্টখনৰ অভ্যৰ্থনা কোঠা আৰু তাৰ সংলগ্ন  ডাইনিং হলটিত উপস্থিত হ’লোগৈ ৷ মৰম লগা দুজনী খাছী ছোৱালীয়ে নাম পঞ্জীয়নৰ যাৱতীয় কামকাজখিনি সম্পন্ন কৰি আমাৰ কোঠাটো দেখুৱাই দিলেগৈ ৷ দুটা দুটা কোঠাৰে তিনিটা একে ধৰণৰ কটেজ ৷ প্রতিটোতে এখন কুইন চাইজ আৰু এখন ছিংগল বিচনাৰ লগতে চ’ফাচেট, মেজ আৰু আলমাৰীৰ ব্যৱস্থা ৷ পৰিষ্কাৰ পৰিচ্ছন্ন কোঠাৰ লগত সংলগ্ন আধুনিক ব্যৱস্থাযুক্ত গা ধোৱা ঘৰ ৷ কোঠাৰ পিছপিনে দীঘলীয়া বেলকনি ৷ তাত বান্ধি থোৱা আছে এখন হেম’ক আৰু এখন ফল্ডিং চেয়াৰ ৷ য’ৰপৰা উপভোগ কৰিব পাৰি গছ বনেৰে ভৰা পাতলীয়া হাবি ৷

আমাৰ কটেজটোৰ নাম আছিল ষ্ট্রবেৰী ৷ গ পা ধুই যাত্রাৰ ভাগৰ মাৰি আমি দুপৰীয়াৰ আহাৰ খাবলৈ ডাইনিং হললৈ  গ’লোঁ ৷ খোৱাৰ পাছত ইফালে সিফালে ঘূৰা পকা কৰি কটেজৰ বেলকনিতে বহি বিভিন্ন পখী তথা জিলিৰ সমস্বৰ কণ্ঠৰ সংগীত শুনি শুনি ভাব সাগৰত বুৰ গলোঁ৷ সন্ধিয়া চাহ খাবলৈ ওলাওতে গমপালোঁ ইতিমধ্যে আন দুটা কটেজলৈকো মানুহ আহিল ৷ সন্ধিয়া  জলি উঠা লাইটবোৰে পৰিবেশটো ৰোমান্টিক কৰি তুলিলে ৷ বাহিৰতে ঘূৰি ফুৰি সময় কটালোঁ ৷ নথকা বাবে কটেজৰ পিছপিনৰ বেলকনিত বহি আন্ধাৰখিনি উপভোগ কৰিও ভাল লাগিল ৷ নিশাৰ আহাৰ খাই উঠি তিনিওজনী বহু সময় তাতেই বহি থাকিলোঁ ৷ মবাইল ফোনকেইটাৰ নেটৱৰ্ক নথকা বাবে ঠাইখনৰ সৌন্দৰ্য পূৰ্ণোদ্যমে উপভোগ কৰাত কোনো ধৰণৰ কথাই আমনি দিব পৰা নাছিল ৷

পিছদিনা পুৱা চৰাইৰ কল কাকলিত বহুত সোনকালেই সাৰপাই বাহিৰত কিছুপৰ খোজকাঢ়িলোঁ ৷ তৰপিছত একোকাপকৈ চাহ খালোঁ ৷ গা পা ধুই উঠি পুৰী তৰকাৰী আদিৰে ব্রেকফাষ্ট কৰাৰ পাছত দীপক লালুৰ নিৰ্দেশ অনুযায়ী ছেত্ৰীয়ে পিক আপ ভানখনেৰেই ৫০ একৰ যোৰা ৰিজৰ্টটোৰ চাৰিওপিনে দেখুৱাবলৈ আমাক লৈ গ’ল ৷ ষ্ট্রবেৰীৰ খেতি চালোঁ ৷ ৰিজৰ্টত উৎপাদিত ষ্ট্রবেৰীৰে ষ্ট্রবেৰী ৱাইন তৈয়াৰ কৰা হয় ৷ কিছু ওপৰত আছে “আৰ. ই. ৰাছেল লজ’ ৷ নিশ্চয় আৰ. ই. ৰাছেল, বিখ্যাত পেইন্টাৰজনৰ নামেৰেই লজটোৰ নাম দিছে ৷ এইটো এটা বাংল’ ৷ আধুনিক সা সুবিধাযুক্ত দুটা কোঠাৰ লগত এটা পাকঘৰো আছে ৷ ইচ্ছা কৰিলে নিজে ৰন্ধা বঢ়া কৰি খাব পৰা যায় ৷ পৰিয়াল অথবা বন্ধুৰ অলপ ডাঙৰ গ্রুপ থাকিবৰ বাবে উপযুক্ত ৷ তাৰপৰা চাবলৈ গ’লোঁ আন এটা কটেজ, যিটোৰ নাম “আনউইন্দ কটেজ” ৷ ইয়াতো আছে বৃহৎ বৃহৎ দুটা কোঠা ৷ ৰিজৰ্টখনত আছে কেম্পিঙৰ সুবিধা ৷  মৰম লগা ট্রি হাউচতো উঠি কিছু সময় কটালোঁ ৷ তাৰ উপৰিও আছে বিভিন্ন খেল ধেমালিৰ বাবে সুবিধা ৷ জিপ লাইনিং, পেইন্ট বল, বাস্কেট বল, মাউণ্টেইন বাইকিং ইত্যদি ৷ শিশুবোৰেও ৰিজৰ্টখনত আনন্দ পাব ৷ বহুতো কুকুৰ পোহা মানুহে কুকুৰটিক ঘৰত অকলে থৈ যাব নোৱাৰাৰ বাবে অসুবিধাত পৰা দেখা যায় ৷ তেওঁলোকে চিন্তা কৰিব নালাগে, কাৰণ তালৈ পোহনীয়া জন্তু লৈ যাব পৰাৰ সুবিধাও দিয়া হয় ৷ কিন্তু এই সকলোবোৰৰ বাবে শীতকালৰ দিনকেইটা বেছি উপযুক্ত ৷ সেই সময়ত মৰং নৈখনৰ পানী কিছু কমি থাকে ৷ ৰিজৰ্টৰ ঘাঁহ বনবোৰ শুকাই যায় বাবে মুকলি ঠাই বেছিকে পোৱা যায় ৷ তদুপৰি বাৰিষা পোক পৰুৱা মহ ডাহবোৰৰ পৰা কিছু আমনি পোৱা যায় ৷

 গোটেই ৰিজৰ্টটো ঘূৰি পকি চাই নিজৰ কটেজটোলৈ অহাৰ লগে লগে আমাক যাঁচিলেহি নেমু চৰ্বত, আমাৰ বাবে সেই সময়ত নেমু চৰ্বত কেইগিলাছ খুব প্রয়োজনীয় আছিল যেন বোধ হ’ল ৷ ৰিজৰ্টৰ স্বত্বাধিকাৰী দীপক লালু মোৰ ভন্টিৰ চিনাকী হোৱাৰ সুবাদতে ৰিজৰ্টখনত কটোৱা সময় ছোৱাত আমি অৱশ্যে বিশেষ আতিথ্য লাভ কৰিছিলোঁ ৷ সম্পূৰ্ণ হাবিতলীয়া প্রকৃতিৰ মাজত অত্যাধুনিক সা সুবিধাৰে দুটা দিন আনন্দেৰে কটায় আহি বৰ ভাল লাগিল ৷ গুৱাহাটীৰপৰা ওচৰতে বাবে দিনটোৰ বাবেও গৈ আহিব পাৰি ৷ কিন্তু ছেংছুৱেৰীৰ মাজত নিশাটো কটোৱাৰ আমেজ সুকীয়া ৷৷

Leave a comment

Design a site like this with WordPress.com
Get started