পইনছেটিয়া

পইনছেটিয়া

আকৌ আহিল ডিচেম্বৰ, ৰঙা হৈ ফুলিল পইনছেটিয়া……….

বৰদিনৰ সৈতে পইনছেটিয়াৰ গভীৰ সম্পৰ্ক ৷ ১৬ শতিকাৰপৰা মেক্সিকোত বৰদিনৰ সৈতে পইনছেটিয়াৰ সম্পৰ্ক স্থাপিত হয় ৷ কথিত আছে যে মেক্সিকোত মাৰিয়া নামৰ এজনী খুব দুখীয়া ছোৱালীয়ে এবাৰ  বৰদিনত যীশুক জন্মদিনৰ উপহাৰ স্বৰূপে দিবলৈ হাতত একোয়েই নথকা বাবে এজোপা বনৰীয়া ফুল গছকে আনি গীৰ্জাৰ বেদীত থৈ দিলে ৷ তাৰপৰাই সুন্দৰ জকমকীয়াকৈ ফুলি উঠিল পইনছেটিয়া ফুল ৷ হয়তো এই কাহিনীৰ আচিলাৰেই ১৭ শতিকাৰপৰা মেক্সিকোত বৰদিনত পইনছেটিয়াৰ ব্যৱহাৰ পৰম্পৰা স্বৰূপ হৈ পৰিল ৷ বৰ্তমান পইনছেটিয়াৰ ১০০ বিধতকৈও বেছি প্রজাতি আছে ৷ প্রথমতে থকা কেৱল ৰঙা ৰঙৰ ওপৰি গুলপীয়া, বগা, হালধীয়া, বহুৰঙী ইত্যাদি ৷   

যুক্তৰাষ্ট্রত ১২ ডিচেম্বৰৰ দিনটো ‘ৰাষ্ট্রীয় পইনছেটিয়া দিৱস’ হিচাপে উদযাপন কৰা হয় ৷ মেক্সিকোত কৰ্মৰত যুক্তৰাষ্ট্ৰৰ প্রথম ৰাষ্ট্রদূত জুৱেল ৰবাৰ্ট পইনছেটে ১৮২৫ চনত প্রথমবাৰৰ বাবে এইবিধ ফুল যুক্তৰাষ্ট্ৰৰ মানুহৰ আগত চিনাকি কৰাই দিছিল ৷ তেখেতৰ নামেৰেই এই ফুলবিধৰ নাম পইনছেটিয়া হয় বুলি কোৱা হয় ৷ বৰদিনৰ সময়ত যুক্তৰাষ্ট্রতো পইনছেটিয়াৰ বহুল ব্যৱহাৰ কৰা হয় ৷ ১৮৫১ চনৰ ১২ ডিচেম্বৰত জুৱেল ৰবাৰ্ট পইনছেটৰ মৃত্যু হয় ৷ সেই দিনটোৰ লগতেই সংগতি ৰাখি ১২ ডিচেম্বৰৰ দিনটো ‘ৰাষ্ট্রীয় পইনছেটিয়া দিৱস’ হিচাপে পালন কৰা হয় ৷

                                     

Leave a comment

Design a site like this with WordPress.com
Get started